*অসংখ্য তৰাৰ বাট বিচাৰি ৪*
•সমাপ্ত•
দূৰৈত থকা হটঙা পাহাৰত ঠেকা খাই অহা চেচাঁ বতাহে পদ্মনাভক চুই গ'ল। পদ্মনাভে দুখন হাতেৰে তাৰ বাহু দুটাক সাৱতি ধৰিলে।
• পদ্মনাভ- উফফফ! এফালে নক্সা বিচাৰিব লাগে আৰু আনফালে নিজক বচাব লাগে আৰু তাৰ উপৰিও অমৃত্যক ডাইনী জনীৰ শাপৰ পৰা শাপমুক্ত কৰিব লাগে। বাৰু পদ্মনাভ, ৰাস্তা চিনি পাওঁ নে? ওচৰত যদি তাই আহি যায়, কি কৰিবি? এইচব প্ৰশ্নই তাৰ মনটোক বিহ্বল কৰিব ধৰিলে।
ওপ্সিলৰ
পশ্চিম দিগন্তত মাৰ যোৱা বেলিটোলে চালে যিকোনো মানুহে মন্ত্ৰমুগ্ধ হৈ ৰ'ব
লগিয়া হয়। দিগবলয়ত হেৰাই যোৱা তপনৰ লালিতাই সকোলো দুখ আৰু কষ্টক লালিৰ
নিচিনা কৰি নোহোৱা কৰি দিয়ে। নৈয়ে খহাই অনা পলস মাটি আৰু বালিৰ মশৃনেৰে
সম্পজ হোৱা আটীয়া এটাত পদ্মনাভে ক্ষন্তেক সময়ৰ বাবে বহি ল'লে আৰু তাৰ
জোলোঙা খনৰ পৰা আপেল এটা উলিয়াই সি দূৰ সীমনাত হেৰাই যাব লোৱা অস্ত
বেলিটোলে চাই ৰ'ল। দূৰৈৰ পৰা এটা বাঘৰ পোৱালি তাৰ ফালে পোনাই আহিব ধৰিলে।
পদ্মনাভে তাক কোলাত উঠাই লৈ তাৰ গলত হাতখন বোলাব ধৰিলে। সময় কেনেকৈ ক্ষয়
যায় সেইতোৰ উত্তম উপমা পদ্মনাভ আৰু বাঘৰ পোৱালি তোৰ মাজত হোৱা কৃত্ৰিম বা
অকৃত্ৰিম ভালপোৱাৰ পৰা উমান পাব পাৰি। পদ্মনাভে তাৰ মহামুল্যবান সময়খিনি
মৰুভূমিৰ মাজত হঠাৎ সন্ধান পোৱা তৰাগৰ পানীৰ নিচিনা খৰচ কৰিব ধৰিলে। এক
ঘন্টা গৈ দুই ঘন্টা হলগৈ আৰু অচিৰেই হাবিৰ পৰা এচাম জন্তুৰ জাউৰি এটা ওলাই
আহি সিহঁতৰ ওচৰত বহি ৰল।
•
পদ্মনাভ- [নিজেই নিজক কৈ উঠিল] (ওৱা, এইয়া কি, মই জংঘলখনৰ ৰজা নেকি?
পদ্মনাভে নক্সা খনৰ প্ৰথম ভাগটো জোলোঙাখনৰ পৰা উলিয়াই লৈ চাব ধৰিলে।
ফাগুনৰ
বতাহজাকে চেকুৰি আহি তাৰ হাতৰ পৰা নক্সাখন উৰুৱাই লৈ গ'ল। শিলত ঠেকা খোৱা
সাগৰৰ ঢৌৰ নিচিনা পদ্মনাভৰ বুকুখন উফন্দি উঠিল। সি সকলো এৰি নক্সাখনৰ পিচে
পিচে দৌৰিব ধৰিলে। বতাহৰ লগত নেৰা-নেপেৰা চেঁকুৰ মাৰি সি কেতিয়া ওপ্সিলৰ
ভিতৰত সোমাই গ'ল গমেই নাপালে।
• ডাইনী- হাঃ হাঃ হাঃ, মৰিব আহিছ'? ইমান সময় লাগেনে? নৰমাংশ খোৱা আজি কেইবাশ শতিকা পাৰ হ'ল, আজি তই মোৰ লোভ সামৰিব পাৰিবি।
[বতাহৰ
মাজৰ পৰা হঠাতে ওলাই অহা কথাবোৰে পদ্মনাভৰ মনতোক হতভম্ব কৰি পেলালে। যিদৰে
অচিনাকী মানুহ জন্তুৰ ওচৰত গ'লে সিঁহত উচপ খাই উঠে ঠিক সেইদৰে সিওঁ উচপ
খাই উঠিল। সি সাহ গোটাই আগবাঢ়ি গৈ থাকিল।]
• পদ্মনাভ- সেইটো কি? ৰাজমহল চোন? বেচ ৰাতি থকাৰ বন্দোবস্ত হৈ গ'ল।
পদ্মনাভে আগ-পিছ একো নাচাই মহলৰ ভিতৰত সুমাই গ'ল। হঠাৎ মহল নাইকিয়া হৈ তাত ঘোপা এটাত হে সি ঠিয় দি ৰ'ল।
•
ডাইনী- আগুৱাই আহ। তোৰ নক্সাৰ বাকিকেইটা ভাগ ইয়াতেই আছে। বিচাৰি চা। পাওঁ
যদি লৈ যা। ( ডাইনী জনীয়ে তাৰ লগত মনস্তাত্বিক খেল খেলিব ধৰিলে)
পদ্মনাভে বাহিৰ ওলাব ৰাস্তা বিচাৰি ইফালৰ পৰা সিফাল দৌৰিব ধৰিলে। অচিৰেই তাৰ মুৰত এটা বুদ্ধি খেলিল। সি গহ্বৰটোৰ এটা অংশত ঠিয় দি ডাইনী জনীক ক'লে; আপুনি এনেই নিজক ইমান শক্তিশালী দেখুৱাই। আপুনাৰ সাহ এধানমানী, সেইকাৰণে আপুনি মোৰ পৰা এতিয়াও লুকাই ফুৰিছে। মই নক্সা লগত লৈ যামেই, আপুনি লুকাই থাকক।
এইবুলি কোৱা লগে-লগে ডাইনীজনী থিক তাৰ পিছফালৰ প্ৰাচীৰ খনৰ পৰা ওলাই আহিল।
• ডাইনী- তোক আজি খামেই। তই মোক জোকাবলৈ ইমান সাহস ক'ত পালি? ডাইনী জনীয়ে পদ্মনাভৰ পিনে চোঁচা মাৰি আহিল।
•
পদ্মনাভ- ৰ'ব। মোক নামাৰিব। যদি আপুনি মোক নামাৰে মই আপোনাক দহ দিনৰ
মুৰে-মুৰে এটা নৰ আনি আপোনাক খাবলৈ দিম আৰু আজীৱন আপোনাৰ লগুৱা হৈ ইয়াতেই
থাকিম। কিন্তু তাৰ বিনিময়ত মোৰ চাৰিটা চৰ্ত আছে।
যদি আপুনি এই চাৰিটা চৰ্ত মানিবলৈ সাঁজু মইও আপোনাৰ সকলো কথা মানিব সাঁজু।
• ডাইনী- হুমমম্। কি চৰ্ত আগতে সেইটো ক'?
• পদ্মনাভ- নাই, তাৰ আগতে আপুনি প্ৰতিশ্ৰুতি দিব লাগিব যে আপুনি মোৰ একো অনিষ্ট নকৰে।
• ডাইনী- বাৰু, তোক মই জবান দিছোঁ। এতিয়া বেগেতে ক'!
• পদ্মনাভ- বাৰু, এতিয়া শুনক।
*প্ৰথম চৰ্ত- মোক নক্সা খনৰ আটাইকেইটা ভাগ লাগিব।
*দ্বিতীয় চৰ্ত- অমৃত্যক আপুনি শাপমুক্ত কৰিব লাগিব।
*তৃতীয় চৰ্ত- মোক ইয়াৰ পৰা যাবলৈ দিব লাগিব।
*চতুৰ্থ
চৰ্ত- আপুনি নিজক বটল এটাত বন্দী কৰি মোৰ লগত আহিব লাগিব যাতে মই শেষবাৰৰ
বাবে সকলোকে দেখাব পাৰোঁ যে এই জনীয়ে সেই সৰ্বশক্তিশালী ডাইনীজনী।
• ডাইনী- চতুৰ্থ চৰ্ততো মানাতকৈ তোক খোৱাতো বেছি ভাল হ'ব।
• পদ্মনাভ- মোৰ নিচিনা আংমৰা এজনক খাই আপুনি কি পাব'? আপুনি এইটো কিয় পাহৰি গৈছে যে আপোনাৰ ভোক আজিৰ নহয়, কেইবাশ শতিকা পুৰণি।
• ডাইনী- ঠিক আছে তোৰ চৰ্তবোৰ মানিলো বাৰু কিন্তু অমৃত্যক শাপমুক্ত নকৰোঁ।
• পদ্মনাভ- কিন্তু কিয়?
•
ডাইনী- কাৰণ সি মোক মাৰিবলৈ বহুবাৰ চেষ্টা কৰিছে কিন্তু মোৰ শক্তিৰ
সন্মুখত সি এটা পৰুৱা। তাক কেৱল দেৱী আৰু মহাপুৰুষ কেইজনৰ শক্তিয়ে মোৰ পৰা
বচাই ৰাখিছে।
• পদ্মনাভ- বাকি চৰ্ত কেইটাতটো কোনো জেং নাই ন'?
• ডাইনী- নাই।
• পদ্মনাভ- ঠিক আছে, তেতিয়াহলে অমিশ্ৰ মানপত্ৰ এখনত লিখি দিয়ক যাতে আপোনাৰ আৰু মোৰ মনত সেইখন চিৰযুগমীয়া হৈ ৰৈ যায়।
[ডাইনী
জনীয়ে তাইৰ শানিত নখেৰে গছৰ পৰা ত্বচ অলপ বখলিয়াই আনি তাত নিজৰ শক্তিৰে
হাতখন বহাই দিলে। কাঞ্চন বৰণৰ বাকলি শোণিত বৰণৰ হৈ গ'ল। ঘপহ কৈ গহ্বৰৰ
দেৱালৰ কিছু সংখ্যক পাথৰ খহি তাৰ পৰা নক্সা কেইখনৰ ভাগ কেইটা ওলাই আহি
পদ্মনাভৰ সন্মুখত ওপঙি ৰ'ল। পদ্মনাভে ততাতৈয়াকৈ নক্সাকেইখন বুটলি লৈ এটা
ভাগক আনটো ভাগৰ লগত জোৰা দিব ধৰিলে।
• ডাইনী- সেইখন জোৰা দিবলৈ তই কলং নৈত আগতে এইকেইখন পবিত্ৰ কৰিব লাগিব।
• পদ্মনাভ- বাৰু, এতিয়া আপুনি বটলৰ ভিতৰত সুমাই যাওঁক। মই লৈ যাম আপোনাক।
[কোৱা
মতেই কাম। ডাইনী জনীয়ে মূৰ্খামি কৰি নিজকে বটলৰ ভিতৰত বন্দী কৰি পেলালে।
পদ্মনাভে এইটো উমানেই নাপালে যে তাৰ শাপমুক্ত হোৱাৰ আশাকণো বটলত বন্দী হৈ
ৰ'ল। সি ভাবিলে যে এতিয়া মোক কোনেও ৰখাব নোৱাৰে। সৃষ্টিৰ বিপৰিতে গৈ সি
নিজকে পাতাললৈ ঠেলি দিলে।]
পদ্মনাভে
বটলটো, নক্সাৰ ভাগকেইটা আৰু নিজৰ সাহ খিনি জোলোঙা খনত ভৰাই লৈ ওপ্সিলৰ পৰা
বাহিৰ ওলাই সি পোনপটীয়াভাৱে ঘৰ অভিমুখী ৰাস্তা ল'লে। আধাবাটত সি কলং নৈত
নক্সাৰ ভাগকেইটা পবিত্ৰ কৰি ল'লে। নাও বাই সি পাৰৰ পৰা পোনে-পোনে তমশা
বাবাৰ ওচৰ পালেগৈ।
• বাবা- পদ্মনাভ! কেতিয়া আহিলা?
• পদ্মনাভ- (উচাতন মনেৰে সি বাবালৈ চালে) বাবা, মোক সহায় কৰক। মই ডাইনী জনীক বন্দী কৰি লৈ আহিছোঁ আৰু নক্সাখন মোৰ লগতে আছে।
• বাবা- ঠিক আছে। বহাচোন তুমি। চাওঁ বটলটো দিয়া মোক। (পদ্মনাভে বটলটো বাবাক দি দিলে।)
•বাবা-
যোৱা, ঘৰলৈ যোৱা এতিয়া। মই তোমাক কেনেকৈ শাপমুক্ত কৰিব পাৰি তাৰ উপায়
বিচাৰোঁ। আৰু শুনা, নক্সাখন তোমাৰ লগতেই ৰাখা, যেতিয়া লাগিব লৈ আহিবা।
• পদ্মনাভ- ঠিক আছে। (এইবুলি কৈ পদ্মনাভে তাৰ পৰা গুচি গ'ল)
অলপ দূৰ গৈ তাৰ ব্যগ্ৰ মনতোক বুজাব নোৱাৰি, প্ৰশ্নৰে গিজগিজ হৈ থকা মনতোক শান্ত কৰাব তমশা বাবাৰ ওচৰত উভতি গ'ল।
• বাবা- হাঃ হাঃ হাঃ। অমৃত্য তোক এতিয়া কোনে বচাব? এতিয়া ময়েই সৰ্বশক্তিমান। ওপ্সিল মোৰ হ'ব আৰু পঞ্চগ্ৰন্থখনো মোৰ হ'ব। এইবুলি কৈ বাবাই ডাইনীজনী থকা বটলটোলৈ দাঁত নিকটাই চাই ৰ'ল।
পদ্মনাভৰ
ভৰিৰ তলৰ পৰা মাটিহে যেন নাইকিয়া হ'ল। মাতাল বতাহ যাকে পদ্মনাভৰ হাতৰপৰা
নক্সাখন উৰুৱাই নিলে। অমৃত্যই হঠাৎ বতাহৰ মাজৰ পৰা ওলাই আহিল আৰু নক্সাখন
তাৰ হাতত পৰিল। নক্সাখন হাতত লৈ সি বাবাৰ পিনে চালে। পদ্মনাভে দূৰৈৰ পৰা
সিঁহতৰ মাজত আৰম্ভ হ'বলগীয়া যুদ্ধখনৰ পিনে একেলেথাৰিয়ে চাই ৰ'ল।
-কুমাৰ কৃষ্ণ শৰ্মা।
*Words and meanings*
• হটঙা- Tall
• বিহ্বল- Impatient
• লালি- Molasses
• সম্পজ- Born
• আটীয়া- Ridge
• উপমা- Comparison
• তৰাগ- Lake
• ঘোপা- Cave
• মনস্তাত্বিক খেল- Psychological game
• প্ৰাচীৰ- Wall
• আংমৰা- Skinny
• অমিশ্ৰ মানপত্ৰ- Bonafide certificate
• শানিত- Sharp
• শোণিত- Blood
• ত্বচ- Skin
• উচাতন- Restless
• ব্যগ্ৰ- Curious
• গিজগিজ- Crowded
P.S.-
There's more to this story. Especially what will happen with Amritya,
Witch and Tomokha baba? Stay tuned and it'll be covered in my next update
*উমানবিহীন*.